Logo
image

মনোৰঞ্জনক প্ৰত্যাহ্বান জনাই ফণীভূষণে ক'লে, "মোৰ বাবে ফেক্টৰ নহয় মনোৰঞ্জন"

'আমাৰ অসম'ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ৭ এপ্ৰিলঃ নিৰ্বাচনৰ দিন যিমানে চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান। প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে দলৰ কাৰ্যকৰ্তাসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত৷ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে এজন প্ৰাৰ্থীয়ে আনজন প্ৰাৰ্থীক কৰিছে তীব্ৰ সমালোচনা।

দেওবাৰে বৰপেটাৰোডৰ বেলতলাত মন্ত্ৰী ৰঞ্জিত দাসৰ সৈতে এক ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ বৰপেটা লোকসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত বৰপেটাৰ চি পি আই (এম)ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে৷ ফণীভূষণ চৌধুৰীয়ে অসমীয়া ভাষাটোৱেই ভালকৈ ক'ব নাজানে বুলি মনোৰঞ্জন তালুকদাৰে কৰা মন্তব্য প্ৰসংগত বুলি ফণীভূষণ চৌধুৰীয়ে প্ৰত্যাহ্বান জনাই কয় যে মনোৰঞ্জন তালুকদাৰে কিমান ভালদৰে অসমীয়া-হিন্দী ক'ব জানে মোৰ লগত কথা পাতক৷ সদনত অসমীয়া ভাষাটো যে কথা ক'ব পাৰি, এই বিষয়ে সৰভোগ সমষ্টিৰ বিধায়কজনে নাজানে নেকি বুলিও প্ৰশ্ন কৰে অগপ নেতাজনে৷ আনহাতে লোকসভা নিৰ্বাচন ফণীভূষণ চৌধুৰী জিকিব বুলি জানিয়েই মনোৰঞ্জন তালুকদাৰে তেওঁক টাৰ্গেট কৰি লোৱা বুলিও কয় অগপ নেতাজনে।লগতে তেওঁ কয় যে মনোৰঞ্জন তালুকদাৰ তেওঁৰ বাবে কোনো ফেক্টৰেই নহয়।